আজিৰ প্ৰাতঃসভাত উপস্থিত গুণোৎসৱ ২০২৩ ৰ শ্ৰদ্ধাৰ বহিঃমূল্যায়ক দ্বয়, মোৰ শিক্ষাগুৰু সকল, বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃ গোটৰ সদস্য-সদস্যাসকল আৰু মোৰ মৰমৰ দাদা-বাইদেউ আৰু ভাইটি-ভণ্টি সকল, আজি মই প্ৰাতঃসভাত আজিৰ দিনটোৰ তাৎপৰ্য সম্পকে কব বিচাৰিছো।
আজি 4 ফেব্ৰুৱাৰী। আজিৰ দিনটোত ভাৰতবৰ্ষ ৰ লগতে বিশ্বৰ ইতিসাহ ত বিভিন্ন ধৰণৰ স্মৰণীয় কিছুমান ঘটনা ঘটিছিল। মই সেই বিষয়ে অতি চমুকৈ ইয়াত অৱগত কৰিব বিচাৰিছো।
আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাচিংটন, ৰাষ্টপতি হিচাপে 1789 চনৰ আজিৰ দিনটোতে নিৰ্বাচিত হয়।
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত চৌৰী-চৌৰা ৰ যি ঘটনা ঘটিছিল, সেয়া আজিৰ দিনটোতেই,অথাৎ 1922 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে সংঘটিত হৈছিল।
1948 চনৰ আজিৰ দিনটোতেই শ্ৰীলংকা ই বৃটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে।
1998 চনৰ আজিৰ দিনটোতেই আফগানিস্তান ত এটা ডাঙৰ ভূমিকম্প হৈছিল, য'ত 4000 ত কৈও অধিক মানুহৰ মৃত্যু হৈছিল।
বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় সামাজিক মাধ্যম 'ফেচবোক' 2004 চনৰ আজিৰ দিনটোতেই মাৰ্ক জুকাৰবাৰ্গে ইয়াৰ শুভাৰম্ভ কৰিছিল।
4 ফেব্ৰুৱাৰী দিনটো বিশ্ব কৰ্কট ৰোগ দিৱস (World Cancer Day) হিচাপে পালন কৰা হয়। কৰ্কট বা কেন্সাৰ, এই মাৰাত্মক ৰোগৰ প্ৰতিৰোধ ৰ বাবে যি সজাগতা,সেই উদ্দেশ্য আগত ৰাখি এই দিৱস প্ৰত্যেক বছৰে 4 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়।
ইয়াকে কৈ মই, দিনটোৰ তাৎপৰ্য সম্পকে চমু বিৱৰণ ৰ সামৰণি মাৰিলো।